text
stringlengths
0
188k
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
যোৱা ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যৰ সকলো জিলাক সামৰি চলোৱা পৰিচ্ছন্নতা বিষয়ক এই সমীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰিছে স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ অসমে)।
প্ৰত্যেক গাঁৱৰ ব্যক্তিগত আৰু ৰাজহুৱা অনাময় ব্যৱস্থা, সকলো বিদ্যালয় আৰু ৰাজহুৱা স্থান তথা ৰাজহুৱা ভৱন আদিৰ সামগ্ৰিক পৰিচ্ছন্নতা, মুকলিত মলত্যাগমুক্ত গাওঁ আৰু অঞ্চলক চাফ-চিকুণকৈ ৰখাত সজাগতা সৃষ্টিৰ দিশত জিলা জল আৰু অনাময় সমিতিসমূহে লোৱা কাৰ্য ব্যৱস্থাক সামৰি এই সমীক্ষা চলোৱা হৈছিল।
সমীক্ষাটোত মাজুলী আৰু কামৰূপ জিলাৰ পাছতে শিৱসাগৰ, ডিব্ৰুগড় আৰু বঙাইগাওঁ জিলাই দ্বিতীয় স্থান আৰু যোৰহাট, শোণিতপুৰ আৰু কোকৰাঝাৰে তৃতীয় স্থান পাইছে।
উল্লেখযোগ্য যে মাজুলীৰ ১৯২খন গাঁৱৰ আটাইকেইখনকে ইতিমধ্যে ২০১১ চনৰ ‘বে’চলাইন চাৰ্ভে’ৰ আধাৰত মুকলিত মলত্যাগমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে।
Recent News
গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিলে বিজেপিয়ে
‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Sunday, July 29, 2018
জীৱন বাটৰ ৰসঃ মেলেকি জেঠাই (৫৮)
জীৱন বাটৰ ৰসঃ মেলেকি জেঠাই (৫৮)
আমি সৰু থাকোঁতে এবিধ সাধু কথাৰ বৰ প্ৰচলন আছিল৷ সাধুবোৰত এগৰাকী দুখুনী বুঢ়ী মানুহ থাকে আৰু লগত থাকে তেওঁৰ সুখ-দুখৰ ভাৰসা এটা পুত্ৰ সন্তান৷ বুঢ়ীৰ বুকুৰ মাজৰ পৰা সন্তানটো এদিন নাইকিয়া হয়- কেতিয়াবা কোনোবা সদাগৰ আহি ল’ৰাটো লৈ যায় অথবা কোনোবাই প্ৰৰোচনা কৰি হাতীৰ পিঠিত বহুৱাই ল’ৰাটো দুৰলৈ পঠিয়াই দিয়ে৷ অনেক জ্বালা-...
সাধুবোৰত থকাৰ দৰে মেলেকি জেঠাই কিন্তু দুখুনী বা অৱলা নাৰী নাছিল৷ বৰং আমাৰ অঞ্চলটোত তেখেত এগৰাকী অগৰণুৱা নেত্ৰী সদৃশহে আছিল৷ স্বাধীনতা আন্দোলনৰ সময়ত এবাৰ হেনো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত দান-বৰঙণি সংগ্ৰহ কৰাৰ এটা অভিযান চলিছিল৷ জ্যোতিপ্ৰসাদৰ তেজস্বী ভাষণ শুনি মেলেকি জেঠাইয়ে কাণত পিন্ধি থকা সোনৰ থুৰীয়া এপাত খুল...
সামাজিক অনুষ্ঠানত মেলেকি জেঠাই নহলেই নচলে৷ পানী তোলাৰ পৰা দৰা সাদৰালৈকে সকলো নিয়ম-কানুনৰ জেঠাই এক নিলিখা অভিধান৷ বিয়া নাম দিয়াত জেঠাইৰ সমকক্ষ আমাৰ জিলাতে নাই বুলিব পাৰি৷ অঞ্চলটোত তাঁত-বাতি কৰাৰ আগে আগে গৃহিনীসকলে খবৰ লৈ লয়- সেইদিনা জেঠাই ফ্ৰী থাকিবতো! তোলনী বিয়াত আন তিৰোতাৰ মুখত মিঠাগুড়ি সনা কামটেত মেলেকি জেঠাইয়...
আধান খুড়াৰ মগজুটো বেয়া নাছিল৷ তেওঁ তৃতিয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰি প্ৰথমে হোম গাৰ্ডত সোমাইছিল৷ পিছলৈ পুলিছৰ ডাৰোগা হৈছিলগৈ৷
এইটো কাহিনী তেতিয়াৰ কথা, যেতিয়া অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে, ৫২ নম্বৰ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথত ‘ব্লু হিলছ’ আৰু ‘গ্ৰীণ ভেলি’ নামৰ নৈশ বাছবোৰৰ অবাধ গমনাগমন চলিছিল৷ আধানখুড়াই তেতিয়া মিৰ্জাত কাম কৰে৷ তাতেই বিয়া পাতিবলৈ ছোৱালী এজনীও চাইছে হেনো৷ আধানখুড়াই জেঠাইকো এবাৰ তালৈ লৈ যাবলৈ ওলাল৷
– “থ হেৰৌ, মইনো গৈ কি চামগৈ তাত, লৈ আন কেঁচা কল কাটি ইয়াতে বিয়া পাতি দিম!” জেঠাইয়ে ক’লে৷ আধানখুড়াই বোলে এই কথাই কথা নহয়৷ – “এবাৰ তই গ’লে সিপক্ষৰো মনটো মুকলি হ’ব৷”
অগত্যা জেঠাই যাবলৈ ওলাল৷ সামৰণ মেখেলা-চাদৰযোৰ উলিয়াই ৰ’দত দি ল’লে৷ আধানখুড়াই বিচাৰি বিচাৰি মাখন ৰঙৰ গাত লোৱা গৰম চাদৰ এখন নাপায়হে নাপায়৷ অৱশেষত বিচাৰি বিচাৰি গৈ বিহালীৰ পৰা কিনি আনিলেগৈ৷ ৰাতিৰ ব্লু-হিল বাছৰ এক আৰু দুই নম্বৰ ছিটটো আধান খুড়াই আগৰে পৰাই বুক কৰি ৰাখিছিল৷
জেঠাইৰ প্ৰথম বাছ যাত্ৰা৷ উঠাৰ আগে আগে বাছৰ পাওদানী স্পৰ্শ কৰি সোঁ-হাতখন জেঠাইয়ে এবাৰ নিজৰ কপালত লগালে৷ কণ-ছোৱালীৰ পৰা ধাৰলৈ অনা চামৰাৰ চেন্দেলযোৰ সোলোক-ঢোলোক৷ বহিবলৈ দিয়া চিট্‌টোৰ ওপৰত কোমল কাপোৰ লগোৱা আছে, আধানখুড়াই সেইটো আৰু অলপ বেকা কৰি আউজিবলৈ সুবিধা কৰি দিলে৷ জেঠাইয়ে আৰাম কৰি গা ঢালি দিলে৷ আঘোন মাহ য...
- “মৰি যাবলে’কে, ক’তে মৰে মই, আপোনাৰ আৰু মোৰ সাজ যোৰ সাইলাখ একে৷ গৰম কাপোৰখন বিহালীৰ পৰাই আনিলেগৈ নেকি?”
জেঠাইৰ মুক্ত কন্ঠৰ মাতে হঠাতে আধানখুড়াৰ টোপনি ভাঙি দিলে৷ বাছখন কোনোবা এটা আস্থানত ভাত খাবলৈ সোমাইছে৷ হঠাতে জ্বলাই দিয়া পোহৰ পৰি কাষৰ আইনাখনত জেঠাইৰ প্ৰতিবিম্ব জিলিকি উঠিছে৷ আৰু অতুৎসাহী মেলেকি জেঠাইয়ে সেই প্ৰতিবিম্বৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছে!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈছিল মাজনীয়ে – সকলোৰে চিনাকি খুহুতীয়া কথাৰ ভড়াল ৰূপালীমে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
Posted by Utpal Badol Baruah at 11:09 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Saturday, July 21, 2018
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৭)
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৭)
বয়স হ’লে হেনো শৈশৱৰ কথাবোৰ মানুহৰ বেছিকৈ মনলৈ আহে৷ আজি কিছুদিনৰ পৰা মোৰো তেনে হৈছে৷ অৰ্থ্যৎ আওপকীয়াকৈ প্ৰমান কৰিব পাৰি যে মোৰ বয়স আগবাঢ়িছে! সেয়ে বয়সৰ গাতে ভেজা দি আজিও এটা শৈশৱৰ কথাই লিখিবলৈ লৈছোঁ৷
আমাৰ ঘৰত সৰ্বমুঠ প্ৰাণীৰ সংখ্যা আঠজন৷ আমি ল’ৰা-ছোৱালী চাৰিটা, আৰু ডাঙৰ মানুহ - মানে মা-দেউতাৰ লগতে আইতা আৰু ঘৰৰ কামত সহায় কৰা ল’ৰা পৱন৷ মুঠতে ঘৰত আঠখন মুখ৷ সেই হিচাপে পাকঘৰৰ হিচাপ আৰু মেনু তৈয়াৰ হয়৷ বজাৰৰ পৰা অনা মাছটো কাটোতেও বুৰিমাই (আইতা) হিচাপ কৰি যায় – এই ডোখৰ তোৰ, এইডোখৰ মিদুলৰ…., শেষৰ ফাললৈ সৰু টুকুৰা এটা ...
মা আৰু বুৰিমাক মই পাকঘৰত প্ৰায়েই সহায় কৰিবলৈ সুবিধা পোৱা এটা অন্যতম কাম আছিল হাঁহ বা কুকুৰাৰ কণী ফালি গাইপতি ভাগ-ভাগ কৰা কামটো৷ কণী খোৱা সকলে জানে যে খোলাটোৰ ভিতৰৰ বগা অংশটোৰ মাজত থকা কুহুমটো সদায় হুবহু কেন্দ্ৰত নাথাকে৷ কোনো কোনো সময়ত বগা ভেদ কৰি সেই অংশ প্ৰায় খোলাটোৰ গাতে লাগি থাকেহি৷ তেনে অৱস্থাত কণী এটা...
পেহাদেউৱে যেতিয়া তেজপুৰ চহৰত ঘৰ সাজিলে আমি সুবিধা পালেই তালৈ দীঘলীয়াকৈ বন্ধত থাকিবলৈ আহিছিলো৷ পেহীৰ ছোৱালী সৰু বাইদেউ মোতকৈ যিমান ডাঙৰ পেহীৰ ল’ৰা নানি মোতকৈ সিমান সৰু৷ মোৰ ভাই মৃদুল নানিতকৈ এসপ্তাহৰ ডাঙৰ, অৰ্থাৎ আমি চাৰিওটা একপ্ৰকাৰ কানসমনীয়া৷ গ্ৰুপটোৰ নেতা বিনা প্ৰতিদণ্ডিতাৰে নানি৷ কোনো কোনো ক্ষেত্ৰত বাঘৰ আগ...
সেইদিনাও আছিল গৰমৰ বন্ধৰ দিন৷ কুৰীদিন মান থকাকৈ আমি তেজপুৰলৈ আহিছোঁ৷ দুয়োপক্ষৰ উৎসাহৰ সীমা নাই৷ আগবেলা পেহীয়ে নানিৰ লগত মোক বজাৰলৈ পঠালে – গোট গোট আখৰেৰে কি কি আনিব লাগে লিষ্টত লিখা আছে৷
- ‘পাৰিবিনে?’ পেহীয়ে মোক সুধিলে, মই নানিলৈ চালোঁ৷
- ‘কণী কেইটা চাই আনিবি৷’ পেহীয়ে আকৌ এবাৰ সতৰ্ক কৰি দিলে৷
আনিছিলোঁ, চাইয়েই আনিছিলো৷ জোকাৰি চাইছিলো – ঘট্‌ ঘট্‌ কৰিছে নেকি, নাই কৰা! তলে ওপৰে ঘুৰাই ঘুৰাই চাইছিলো, ক’ৰবাত বৰণৰ কিবা তাৰতম্য আছে নেকি, নাই! সেইদিনা গোটা কণী অথবা এফাল কি ভাগত পৰিলহেঁতেন নাজানো, কিন্তু ৰান্ধি থকাৰ মাজতে পেহীয়ে আহি ঘোষণা কৰিলেহি – ‘আটাইকেইটা কণী ঘোলা!’ ইমান সাৱধানে পৰীক্ষা কৰি আনিলোঁ, অথচ এ...
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
Posted by Utpal Badol Baruah at 12:25 PM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
All India Radio, Guwahati speaks to Utpal Baruah on growth and opportunities in Civil Aviaiton
All India Radio Guwahati discusses about growth and opportunities in Civil Aviation with Utpal Baruah
Posted by Utpal Badol Baruah at 11:57 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Tuesday, July 17, 2018
Editorial in the Souvenir, published on the ICAO Regional Aviation Training Symposium 2015
Posted by Utpal Badol Baruah at 9:00 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Delivering a speech as Invited Speaker in the ORAT World Summit, 2017, Singapore
Posted by Utpal Badol Baruah at 8:54 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Taking over airport Operations at Mactan Cebu International Airport, Philippines in 2014
Posted by Utpal Badol Baruah at 8:37 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Musing Growth of Civil Aviation in India (2016)
Posted by Utpal Badol Baruah at 8:15 AM 1 comment:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Airport Privatization: Riding India abreast (2014)
Posted by Utpal Badol Baruah at 8:13 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Airport privatization and the North-East
The decision of Union Government to privatize six more airports – Chennai, Kolkata, Ahmedabad, Jaipur, Lucknow and Guwahati made uproar all over the country. Employees’ Unions of the state-owned-airport-operator and the Parliamentary Standing Committee on Transport opposed vehemently to the government decision. The AAI...
Privatization of airport emerged across the world as a part of its development towards the end of the previous century. Till 1980s all airports were funded by the governments or municipalities in their respective locations. Income and expenditure of airports were part of the government accounts. Individual airport was ...
A new concept evolved in Europe during 80s. If non-aeronautical revenue is enhanced adequately, it could be possible to run an airport without any government aid. Implementation of this idea gave birth of airport privatization. British Airports Authority (BAA) became private in 1987 which was handling Heathrow, Gatwick...
In 1996, Airports Authority of India recommended upgradation and development of Delhi and Mumbai airport with private participation. At that point of time Delhi and Mumbai handled 12.4 and 15.7 million passengers per annum (mppa) and the growth rates at both airports were 25.7% and 22.7% with respect to the previous ye...
AAI executed the concession agreement with the PPP for both the airports on 5th July and 20th December of 2004 with the BIAL (Bangalore International Airport Limited) and the HIAL (Hyderabad International Airport Limited). Both were entrusted the responsibility of building two brand new airports (Greenfield) and operat...
The PPP ventures turned into the “golden ducks” for AAI. It contributed a substantial amount to AAI in years to follow. As per the contract, the DIAL and the MIAL have to pay 45.9% and 38.7% to AAI on their total revenue generation. AAI received 1046.3 Crore and 1237.76 crore during 2010-11 and 2011-12 respectively fro...
The airports situated at the North East have been notorious for making huge losses over the past years. A report published by AERA reveals that the expenditures to run these airports are more than double their incomes. During 2010-11, Guwahati airport generated 8.99 Crores but total expenditure was 32.8 Crores. The mai...
The main challenge for privatizing Guwahati airport will be finding a potential bidder. Guwahati airport deserves to be developed. Tourism is the future of the NE and airports are its backbone. It is evident, whoever gets it, will have to do a lot to make it a profitable venture. They have to come up with innovative st...
You can reach the author at: utpalbaruah@gmail.com
Mobile: 09958895708 .
Posted by Utpal Badol Baruah at 8:09 AM 1 comment:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Sunday, July 15, 2018
জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)
জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)
ডিচেম্বৰ মাহৰ এইকেইটা দিনত এইবাৰ ঠাণ্ডাটো বেছি হৈছে৷ বতৰটোও পুৱাৰে পৰা গোমা, সাতে-সোতৰে ঠাণ্ডাৰ প্ৰকোপটো আনদিনাতকৈ বেছি৷ মেৰুণ ৰঙৰ পাটৰ চাদৰখনৰ ওপৰত মাখন ৰঙৰ গৰম চাদৰখন লৈ গীতাৰ মনটো সেমেকি গ’ল – নতুন ডিজাইনৰ ব্লাউজটো আজি গৰম কাপোৰৰ তলতে লুকাই থাকিব, তথাপিও উপায় নাই, ইমান ঠাণ্ডাৰ লগত চুক্তি কৰা নাযায়! ৰীতাই বা...
কালি পুৱাতে নিভাবাই ফোন কৰিছিল৷ আজি, মানে ২১ ডিচেম্বৰৰ দিনটো নিভাবাহঁতৰ বিবাহ বাৰ্ষিকী৷ সন্ধিয়ালৈ পাৰ্টি এটা দিব, গীতাহঁতৰ তিনিওটো প্ৰাণী যেনেকৈয়ে নহওক, আহে যেন!
ফোনটো শেষ হোৱাৰ পাছ মুহুৰ্ততে গীতাই ৰীতালৈ ফোন লগালে – মাতিছেনে তহঁতক?
- অ’ কৈছে! ৰীতাৰ নিস্পৃহ উত্তৰ৷
- তাৰ মানে, তহঁতৰ যোৱাৰ মন নাই নেকি? গীতাই আচৰিত হৈ সুধিলে৷
- ৰ চোন, এওঁ বা কি কয়৷
এওঁ মানে গিৰীয়েক চম্পক৷ চম্পকে এনেধৰণৰ ৰাজহুৱা অনুষ্ঠানত ভাগ ল’বলৈ পালে মৰিব পাৰো৷ ঘৰতে ঘন্টাৰ পাছত ঘন্টা মোবাইল টিপি টিপি বহি থাকিব পাৰে কিন্তু ক’ৰবালৈ এপাক ওলাই যাওঁ বুলিলেই মানুহটোৱে মৰা যেন পায়৷ বিপুলৰ বিপৰীত৷ বিপুল মানে গীতাৰ গিৰীয়েক৷ বিপুলে আকৌ একো নেৰে – ভ্ৰাম্যমান থিয়েটাৰৰ আটাইকেইটা দিনতে আটাইকেইখন নাটক চে...
গীতা আৰু ৰীতা একেখন ঠাইতে একেখন স্কুল আৰু পিছলৈ একেখন কলেজতে পঢ়িশুনি ডাঙৰ দীঘল হোৱা দুয়ো নলেগলে লগা বান্ধৱী৷ দৈৱক্ৰমে নামদুটাৰ যেনেকৈ মিল আছে সিহঁতৰ ৰুচী আৰু ভাল পোৱা বেয়া পোৱাও বহুত মিলে! কলেজৰ দিনত সিহঁতক সদায় একেলগে দেখা বাবে লগৰ দুষ্ট ল’ৰাই সিহঁতৰ চাধা-চূণ নাম দিছিল৷ কি আচৰিত কথা, বিয়াৰ পাছতো দুয়োজনী একেখন চ...
ৰাতিলৈ ফোন কৰি ৰীতাই কনফাৰ্ম কৰিলে – 'যাব, চম্পকে আপত্তি কৰা নাই৷ ৰিংকুৰহে গাটো গৰম৷ গতিকে তাক আইচক্ৰীম খাবলৈ দিব নোৱাৰি৷'
গীতাই আধাতে কাটিলে – ‘হ’ব হ’ব, আইচক্ৰীম নাখালেও নাই, কিবা নহয় কিবা এটা বেলেগ মিঠাই থাকিবই নিশ্চয়৷ শুনচোন, এটা কথা মন কৰিছ নে, এনেধৰণৰ পাৰ্টি নোখোৱা বহুদিন হ’ল ন? পোলাও মুৰ্গী মাংসৰ সোৱাদেই পাহৰি গ’লো!’
কম কথা কোৱা ৰীতাইও কথাটো মানি ল’লে – ‘হয়, চিকেন-পোলাও কেতিয়ানো খাইছিলো মনতেই নাই৷ আৰুবেলি ভট্ট ছাৰৰ ছোৱালীজনীৰ বিয়াতে খোৱা সম্ভৱ!’ ক’ব নোৱাৰাকৈয়ে দুয়োজনীৰে মুখত পানী জমা হ’ল৷
গধুলি ৰীতাৰ পৰিয়াল আহি গীতাৰ ঘৰ পালেহি৷ ৰীতাহ'ত ওলাবলৈ লৈছিলহে৷ “এই হৈ আছে, এক মিনিট” বুলি গীতাই হুলস্থুল লগাই দিলে৷ ল’ৰাটোক উলিয়াই দিয়াৰ দায়িত্ব গিৰীয়েকলৈ ঠেলি গীতা আৰ্চীৰ সমূখত ব্যস্ত হৈ পৰিল৷ তাৰ মাজতে এবাৰ বিপুল ওচৰলৈ আহি কাণে কাণে গীতাক সুধিলে – ‘ৰীতাই সেইডাল কি পিন্ধি আছে, পায়জামাটো পিন্ধিয়েই পাৰ্টি খাবলৈ যাব ন...
- চুপ ৷ গীতাই মুখতে ধৰিলে৷ – ‘সেইটো পায়জামা নহয়, প্লাজা বুলি কয়, নতুনকৈ ওলাইছে, তুমি তোমাৰ কাম কৰা!’
ৰাষ্টাত গীতা-ৰীতা দুয়োজনীয়ে ৰিংকুক আকৌ সোৱঁৰাই দিলে - সি যেন আইচক্ৰীমলৈ হাত নেমেলে৷ নিভাবাহ’তে বহুত মানুহ মাতিছে, চ’ৰা ঘৰ ভৰি আছে৷ পাকঘৰতে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে৷ দহজনমান মানুহ খাই বৈ মুখ মচি মচি ওলাই আহে, নতুন কেইজনমানক ভিতৰলৈ মাতি নিয়ে৷ ‘আহিছে মানুহ – গৈছে মানুহ’ দৃশ্যটো আগত লৈ গীতা ৰীতাহ’তে কথাৰ মহলা মাৰি আ...
এসময়ত নিভাবাহ’তেও জোৰ দি ধৰিলেহি – ‘ব’ল না খাই ল৷’
- ‘হব দিয়কচোন, খোৱাটোনো কি কথা, এই বিশেষ দিনটোত এষাৰ মাত লগাবলৈ সুবিধা পালোঁ যে সেইটোহে ডাঙৰ কথা৷’ আৰু অলপ ভোক লগালৈ গীতা ৰীতাই বাট চালে৷ কিম্মান দিনৰ পিছত আজি সুবিধাটো আহিছে – ভালদৰে দবাই দিব চিকেন-পোলাও!
বাৰেবাংকৰা কথা পাতি সময়খিনি কটাই এসময়ত দুয়োটা পৰিয়াল খাবলৈ উঠিল৷ ৰীতাই ৰিংকুক আকৌ সোঁৱৰাই দিলে –‘ চাবি কিন্তু, আইচক্ৰীম যাতে নোচোৱ৷’
দুখন খোৱা টেবুল জোৰা দি অতিথিসকলৰ খোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেইজীয়া গছৰ পাত অঁকা প্লাষ্টিকৰ প্লেট্‌৷ কিন্তু ই কি, প্লেটবোৰত দেখোন এজনে মুঠি মুঠি কৈ চিৰা এগালমানহে ঢালি গ’ল! তাৰ পিছে পিছে এজনে দৈ৷ তাৰ পিছত এলদা এলদা গুড়৷ শকুনিৰ চেহেৰাৰ এজনে মাত লগালে – ‘আৰম্ভ কৰকচোন, ৰসগোল্লাটো শেষত দিম! খাওক৷’
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো একেবাৰে সংক্ষিপ্ত ৰূপত মোক যোগান ধৰিলে জীৱন বাটৰ ৰসৰ এগৰাকী গুণগ্ৰাহী পাঠক, তেজপুৰৰ প্ৰণামিকা গগৈয়ে৷ ধন্যবাদ প্ৰণামিকা৷ কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত ...
Posted by Utpal Badol Baruah at 6:18 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest